ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ফুলগুৰিত মঙলবাৰে পূৱা সংঘটিত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন স্কুটী আৰোহী। দুৰ্ঘটনাত আন দুজন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।
প্ৰত্যক্ষদর্শীৰ মতে, ৰহা দিশৰ পৰা নগাঁও দিশে আহি থকা ছেণ্ট্ৰো গাড়ীখনে ৰাস্তা পাৰ হওতেই স্কুটী আৰোহী জনক মহতিয়াই লৈ যায়। দুৰ্ঘটনাগ্ৰস্ত কাৰখনৰ নম্বৰ AS-02H-2862 আৰু স্কুটীখনৰ নম্বৰ AS-01-DE- 8234।
আনহাতে দুৰ্ঘটনাত নিহত লোকজনৰ নাম-পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে আহত দুগৰাকীক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
