ৰহাত ভূঁই ৰুই প্ৰতিবাদ মহিলাৰ

100

ৰাজ্যজুৰি অব্যাহত আছে বানৰ ভয়ংকৰ সংহাৰ । এই বানৰ সংহাৰৰ মাজতেই এইবাৰ বিধ্বস্ত পথৰ বাবে ৰহাৰ দীঘলদৰি শংকৰ নগৰত পথৰ ওপৰতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে এজাক মহিলাই।ৰহাৰ দীঘলদৰি শংকৰ নগৰৰ এই পথটি দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে । এজাক বৰষুণতে পথটোৰে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। যাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত সমস্যাৰ সৃষ্টি হৈ আহিছে।