সোমবাৰে পুৱা বিশ্বনাথ জিলাত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হয় বিহালী ডিগ্ৰী কলেজৰ অধ্যক্ষৰ মৃতদেহ।
তথ্য অনুসৰি বিহালীৰ বৰগাং অঞ্চলত থকা বাসগৃহৰ চৌহদত উদ্ধাৰ হৈছে অধ্যক্ষ জীৱন চন্দ্ৰ নাথৰ মৃতদেহ।
অধ্যক্ষগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও ঘৰৰ চাদৰ পৰা পৰি মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
জীৱন চন্দ্ৰ নাথৰ এনে মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
