ৰঙিয়াৰ ভাতকুছিত বলেৰ’ বাহনে খুন্দিয়ালে ই-ৰিক্সাক, মহিলাৰ মৃত্যু

65

ৰঙিয়াৰ ভাতকুছিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ঘটে এগৰাকী মহিলাৰ। জানিব পৰা মতে ভুল দিশেৰে গৈ থকা এখন বলেৰ’ বাহনে এখন ই-ৰিক্সাত প্ৰচণ্ড জোৰে খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয়। নিহত মহিলাগৰাকীক চৰিফা বেগম বুলি চিনাক্ত কৰা হৈছে।

প্ৰত্যক্ষ দর্শীৰ মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ই-ৰিক্সাখন ঘগ্ৰাপাৰ অভিমুখে গৈ আছিল। ভুল দিশেৰে অহা বলেৰ’ৰ খুন্দাত ই-ৰিক্সাখন বিধ্বস্ত হৈ পৰে।

ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বলেৰ’ বাহনখন জব্দ কৰিছে।