ৰঙিয়াত শিক্ষকৰ নিযুক্তিত এছএফআই-ডিৱাইএফআইৰ প্ৰতিবাদ

62
purbottar-asomiya-favicon

ডিজিটেল ডেস্ক: ৰঙিয়া মহকুমাত খালী হৈ থকা শিক্ষকৰ পদত নিযুক্তি প্ৰদানৰ লগতে নিবনুৱা সমস্যা সমাধান আৰু চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ দাবীত ৰঙিয়াত মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এছএফআই আৰু ডি ৱাই এফ আইৰ সদস্যসকলে। ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত অৱ্স্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, ৰঙিয়া মহকুমাৰ মুঠ ১৬খন শিক্ষানুষ্ঠানত কমেও ১৯১টা শিক্ষকৰ পদ খালী হৈ আছে। কিন্তু এই খালী পদসমূহ পূৰণৰ বাবে চৰকাৰৰ শিক্ষা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতে ৰঙিয়াৰ চৰকাৰী বিদ্যালয়সমূহ ক্ৰমাৎ জহি খহি যোৱাৰ পিছতো চৰকাৰে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবদ কোনো অনুদান প্ৰদান নকৰাত ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলগা হয় এছএফআই আৰু ডিৱাইএফআইৰ সদস্যসকলে।

প্ৰতিবাদকাৰী সকলৰ মতে, চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠানৰ পূৰ্বে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহক অধিক প্ৰাধান্য দিয়াৰ বাবেই আজি চৰকাৰী শিক্ষানুষ্ঠানসমূহ জহি খহি যাবলৈ ধৰিছে। ৰঙিয়া মহকুমাৰ শিক্ষানুষ্ঠানসমূহৰ খালী পদত নিযুক্তি প্ৰদান কৰাৰ লগতে ৰাজ্যৰ পয়ালগা চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় প্ৰতিবাদকাৰীসকলে। ইয়াৰ লগতে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা নিবনুৱা সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰো দাবী জনায় এছএফআই আৰু ডিৱাইএফআইৰ প্ৰতিবাদকাৰীসকলে। অৱস্থান ধৰ্মঘটৰ অন্তত প্ৰতিবাদকাৰী সকলে ৰঙিয়া নগৰৰ মাজেৰে এক সমদল বাহিৰ কৰে।