ৰঙিয়াত বিলাসী বাহনৰ পৰা ৪১টা বন্যপ্ৰাণী উদ্ধাৰ

133

ৰঙিয়াত বৃহস্পতিবাৰে এখন ফৰ্চুনাৰ গাড়ীৰ পৰা উদ্ধাৰ কৰা হয় ৪১টা বিৰল বন্যপ্ৰাণী।

ৰঙিয়াৰ ছ’চাইটি চ’ক এলেকাৰ পৰা উদ্ধাৰ কৰে অসম আৰক্ষীয়ে।

উদ্ধাৰ হোৱা বন্যপ্ৰাণীসমূহৰ ভিতৰত আছে কেংগাৰু ২টা , চিম্পাঞ্জী ২টা, বিভিন্ন প্ৰজাতিৰ বান্দৰ ১৯টা, কাছ ১৮টা, ভাটৌ ২টা। অৱশ্যে উদ্ধাৰ কৰাৰ কিছু ঘণ্টাৰ পাছতেই ইয়াৰে দুটা কাছৰ মৃত্যু ঘটে।

এই সন্দৰ্ভত তামিলনাডুৰ ৰঘু সিং আৰু কাৰ্তিক নামৰ দুজন লোকক আটক কৰা হৈছে।

অভিযুক্ত সকলে থাইলেণ্ড আৰু ম্যানমাৰ হৈ অসমত প্ৰৱেশ কৰি বিভিন্ন ৰাজ্য আৰু দেশলৈ এই জীৱ-জন্তুবোৰ পঠোৱাৰ ব্যৱস্থা কৰিছে।

ৰঘু আৰু কাৰ্তিক আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহ ছিণ্ডিকেট বুলি আৰক্ষীয়ে জনায়।