ৰঙিয়াত ফাৰ্মাচিষ্টৰ দ্বাৰা বিজেপি নেত্ৰীক নিৰ্যাতনৰ অভিযোগ

81

ৰঙিয়াৰ তুলসীবাৰীত এগৰাকী বিজেপি নেত্ৰীক বলাত্কাৰৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে এজন ফাৰ্মাচিষ্টৰ বিৰুদ্ধে। নিজৰ ফাৰ্মাচীলৈ ৰক্তচাপ জুখিবলৈ যোৱা অসুস্থ বিজেপি নেতৃগৰাকীক খবিৰুদ্দিন আহমেদ নামৰ ফাৰ্মাচিষ্টজনে নিৰ্যাতনৰ চেষ্টা চলোৱাত মহিলাগৰাকীয়ে চিঞৰ বাখৰ লগায়। যাৰ ফলত স্থানীয় বহু লোক ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে লম্পট ফাৰ্মাচিষ্টজনক উত্তম মাধ্যম সোধায়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় ৰাইজ আৰু মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত খবিৰুদ্দিনক আটক কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।