ৰঙিয়াত দিন দুপৰতে সংঘটিত ডকাইতি কাণ্ডই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। বেংকৰ পৰা ধন উলিয়াই ঘৰমুৱা হোৱা এজন ব্যক্তিৰ পৰা দুজনীয়া দুৰ্বৃত্তৰ দলে লুটি লৈ যায় ৫ লাখ টকা। ৰঙিয়াৰ গড়ভিতৰৰ শৰৎ দাস নামৰ লোকজনৰ পৰা এই ধন লুটি লৈ যায় দুৰ্বৃত্তই।
জানিব পৰা মতে, শৰৎ দাসে ৰঙিয়া এমজি ৰোডস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা ধনখিনি উলিয়াই বাইকেৰে তিনিআলি অভিমুখে গৈ আছিল । এনে সময়তে তিনিআলি ৰেলগেটৰ সমীপত হঠাতে বাইক এখনে তেওঁক পিছফালৰ পৰা খুন্দিয়ায় । লগে লগে লোকজনে বাইকৰ পৰা বাগৰি পৰে । দুৰ্ঘটনাটোত লোকজন কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। তৎমুহূৰ্ততে বাইকত থকা দুজন যুৱকৰ এজনে লোকজনৰ পৰা ধনৰ বেগটো কাঢ়ি লৈ উধাও হয়।
লগে লগে লোকজনে চিঞৰ-বাখৰ কৰে যদিও ইতিমধ্যে দুৰ্বৃত্ত দুজনে তীব্ৰ বেগেৰে বাইকেৰে নিৰ্বিঘ্নে পলাবলৈ সক্ষম হয়। ৰঙিয়া নগৰত দিন দুপৰতে ডকাইতিৰ দৰে ঘটনা সংঘটিত হোৱাত নগৰখনৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ উদয় হৈছে সাধাৰণ জনতাৰ মনত।
