শুকুৰবাৰে ৰঙিয়াৰ স্বস্তি হাস্পতালৰ সন্মুখত আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এখন বাইকৰ টুল বক্সত লুকুৱাই অনা ড্ৰাগছৰ লগতে এটা পিষ্টল উদ্ধাৰ কৰে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰিচয় বাক্সা জিলাৰ কাউৰবাহাৰ জিয়াউল হক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে পিষ্টল, ড্ৰাগছ, মোবাইল ফোন সহ AS 01 Q1 328 নম্বৰৰ বাইকখনো জব্দ কৰে।
