ৰঙিয়াৰ ১০নং ৱাৰ্ডত জোঁৱাইৰ হাতত প্ৰহৃত হৈ চিকিৎসাধীন হ’বলগা হল শাহু। জানিব পৰা মতে, প্ৰায় ৪ বছৰ পূৰ্বে ৰঙিয়াৰ আমিনুল হকৰ সৈতে বিবাশ পাশত আবদ্ধ হৈছিল নাজনীন চুলতানা। বিবাহৰ পিছত তেওঁলোকৰ এটি কন্যা সন্তান জন্ম পোৱাৰ পিছত পত্নীক শাৰিৰীক আৰু মানসিকভাৱে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে আমিনুল হকে।
অভিযোগ অনুসৰি, আমিনুল হকে ল’ৰা সন্তান বিচাৰিছিল যদিও কন্যা সন্তান জন্ম পোৱাৰ বাবেই নাজনীন চুলতানাৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছিল। আনহাতে দেওবাৰে জীয়াৰীৰ খবৰ ল’বলৈ যেতিয়া নাজনীন চুলতানাৰ মাতৃ আমিনুল হকৰ গৃহত উপস্থিত হয় তেতিয়া এনে ধৰণৰ কথাৰ বাবেই সাধাৰণ তৰ্কা-তৰ্কিত লিপ্ত হয় জোঁৱাই আৰু শাহু। এই তৰ্কাতৰ্কিৰ মাজতে আমিনুল হকে শাহুৱেকক প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হৈ মহিলাগৰাকী চিকিৎসালয়ত ভৰ্তি হ’বলগা হয়।
ঘটনা সন্দৰ্ভত ইতিমধ্যে নাজনীন চুলতানাৰ পৰিয়ালে আমিনুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
