ৰঙিয়াত গৰুভৰ্তি বাহন জব্দ, ৩ জনক আটক

303

কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত ৰঙিয়াৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে অসম আৰক্ষীয়ে জব্দ কৰে এখন গৰু ভৰ্তি পিক আপ ভেন।

গৰু চোৰাং ব্যৱসায়ৰ লগত জড়িত থকা বুলি সন্দেহ কৰা তিনিজন লোকক এই সন্দৰ্ভত আটক কৰা হৈছে।

তেওঁলোকে যাত্ৰা কৰা মেজিক পিক আপ ভেনখনৰ পৰা জব্দ কৰা হয় ১২টা গৰু-ম’হ।

আৰক্ষীৰ মতে, বালিকুছিৰ পৰা বৰপেটালৈ গৈ থকা অৱস্থাত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত ভেনখন জব্দ কৰা হয়।

চলিত মাহৰ আৰম্ভণিতে গুৱাহাটী আৰক্ষীয়ে অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ সন্দেহত দুখন বাহন জব্দ কৰাৰ লগতে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে।

বশিষ্ঠ আৰক্ষীয়ে অভিযান চলায় য’ত জব্দ কৰা হয় গৰু কঢ়িওৱা দুখন বাহন। বাহন কেইখনৰ চালক আৰু সহ-পাইলটকো জিম্মাত লোৱা হৈছে।

বাহন দুখনৰ পৰা ১০টা গৰু উদ্ধাৰ কৰা হৈছে বুলি বিষয়াসকলে জনায়।