ৰঙিয়াত কেইবা লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী

74

ৰাজ্যৰ চৌদিশে এতিয়া ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্রশাসন। প্ৰতিদিনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছসহ সৰবৰাহকাৰীক আটক কৰি আহিছে। শেহতীয়াকৈ ৰঙিয়াতো আৰক্ষীয়ে অভিযান চলাই কেইবালক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ৰঙিয়াৰ বালাগাঁৱত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে ১০৪ গ্ৰাম ওজনৰ নিষিদ্ধ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লগতে সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা এখন চাৰিচকীয়া বাহন আৰু এটা আই-ফোনো জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে কানিকুছিৰ আচিকুৰ ৰহমান আৰু কৰিয়াৰাৰ আলম আলী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, দীৰ্ঘদিন ধৰি এই সৰবৰাহকাৰী দুজনে ৰঙিয়াৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল।