ৰঙিয়াত ৰে’ল লাইনত এহাল প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ৰঙিয়াৰ উদিয়ানাৰ উত্তৰ পথাৰত ৰে’ল লাইনত এগৰাকী কিশোৰী আৰু এজন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।
আনহাতে মৃত যুৱকজনক মঙ্গলদৈৰ মইনুল হক বুলি চিনাক্ত কৰিছে একাংশই। মৃত কিশোৰীগৰাকীৰ ঘৰ উদিয়ানাত বুলি জানিব পৰা গৈছে।
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, ৰঙিয়াত ভাড়াতীয়া হিচাপে থকা ২০ বছৰীয়া মইনুল হক আৰু ১৫ বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু কি কাৰণে দুয়োজনে এনেদৰে আত্মহত্যাৰ পথ বাছি ললে সেয়া এতিয়াও ৰহস্য হৈ আছে।
আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।