ৰঙিয়া আৰক্ষীৰ সফল অভিযান

308

নিউজ ডেস্ক,২০ জুলাই : ৰঙিয়া আৰক্ষীৰ সফল অভিযান। আই ও চিৰ পৰা ড্ৰাগছ সহ আটক এজন ।ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যহত ৰাখিছে । আজি সন্ধিয়া পুণৰ ৰঙিয়া আৰক্ষীয়ে আন এক অভিযান চলাই ৰঙিয়া আই ও চিৰ পৰা ইউনুচৰ ৰহমান নামৰ এজন যুৱকক আটক কৰাৰ লগতে যুৱক জনৰ পৰা সাত গ্ৰাম ড্ৰাগছ সহ দুটাকৈ মোবাইল জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটকাধিন যুৱক জনক সোধপোচ অব্যহত ৰাখিছে । ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ামতে ধৃত যুৱকজনৰ ঘৰ ৰঙিয়া পূৱ সাহান গাওঁত ।