ৰঙিয়াৰ তুলসিবাৰীত পথ দুৰ্ঘটনা ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন নকৰে লোকনিৰ্মাণ বিভাগে । গুৱাহাটীত গাতত পৰি এগৰাকী ছাত্ৰী নিহত হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে যথোপযুক্ত ব্যৱস্থা লবলৈ নিৰ্দেশ দিছিল যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক অংগুষ্ঠ প্ৰদৰ্শন ৰঙিয়া ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলৰ । ৰঙিয়াৰ তুলসীবাৰীত সৃষ্টি হোৱা প্ৰকাণ্ড গাতত আজিও এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয় ।
ৰঙিয়াৰ তুলসীবাৰীৰ ভাৰত-ভূটান আন্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত দুজনকৈ বাইক আৰোহী গুৰুতৰ ভাবে আহত হয় । দুৰ্ঘটনা সংঘটিত হোৱা বাইক খন তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখে গৈ থকা অৱস্থাত তুলসীবাৰীৰ ভাৰত-ভূটান আন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকাণ্ড গাতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই বাইক খন দুৰ্ঘটনাত পতিত হয় ।
আঘাত প্ৰাপ্ত দুয়োজনকে সংকটজনক অৱস্থাত স্থানীয় ৰাইজে চিকিৎসালৈ প্ৰেৰণ কৰে ।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি সৰু বৰ দুৰ্ঘটনা হৈ আহিছে যদিও ৰঙিয়া লোকনিৰ্মাণ বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় ৰাইজে অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে ।