ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

83

ৰঙিয়াৰ মৰাণজনাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা।
মাজ নিশা গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে আহি থকা HR-46F-4844 নম্বৰৰ হাৰিয়ানাৰ পঞ্জীয়নভুক্ত টেংকাৰ এখনে একে দিশৰে পৰা গৈ থকা ট্ৰাক এখনত খুণ্ডা মাৰে। লগে লগে গাড়ীত ভিতৰতে আবদ্ধ হৈ পৰে টেংকাৰ চালক জন। অতি বেয়াকৈ আবদ্ধ হৈ থকা টেংকাৰ চালক জনক স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আঘাতপ্ৰাপ্ত হোৱা ড্ৰাইভাৰ গৰাকীক চিকিৎসালয়লৈ যোৱাৰ ব্যৱস্থা কৰে স্থানীয় লোক সকলে। উল্লেখ্য যে অতি দুৰ্ঘটনা প্ৰৱন এলেকা হিচাপে বিবেচিত হৈছে ৰঙিয়াৰ মৰাণজানা।