ৰঙিয়াত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। হাতত পিষ্টল লৈ সন্ত্ৰাস চলালে এজন লোকে। জ্যোতিপ্ৰকাশ শৰ্মাৰ নামৰ লোকজনৰ গুলিত আঘাপ্ৰাপ্ত হৈছে এজন লোক। অনুজ্ঞাপত্ৰ থকা পিষ্টলটোৰে সন্ত্ৰাস সৃষ্টি কৰিছিল জ্যোতিপ্ৰকাশ শৰ্মাই। ঘটনাক লৈ ৰঙিয়াৰ দিপ্তীনগৰত সৃষ্টি হয় এক আতংকময় পৰিৱেশ। বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। গুলীচালনাৰ ঘটনাৰ লগে লগে হুৱাদুৱা লাগে অঞ্চলটোত। মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে জব্দ কৰে জ্যোতিপ্ৰকাশ শৰ্মাৰ মাৰাণাস্ত্ৰ। আহত লোকজনৰ নাম মৃদুল বণিয়া বুলি জানিব পৰা গৈছে।ইতিমধ্যে আঘাতপ্ৰাপ্ত মৃদুলক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
Latest article
জক’ভিচক পৰাস্ত কৰি মিয়ামি অ’পেনৰ চেম্পিয়ন জাকুব মেনচিক
চেক গণৰাজ্যৰ তাৰকা জাকুব মেনচিকে ছাৰ্বিয়ান টেনিছৰ তাৰকা ন'ভাক জক'ভিচক পৰাস্ত কৰি মিয়ামি অ'পেন খিতাপ জয় কৰে। মিয়ামিৰ হাৰ্ড ৰক ষ্টেডিয়ামত পুৰুষৰ একক ফাইনেলত...
ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমণা বিচিচিআইৰ
ৰিয়ান পৰাগে চলিত আই পি এলত মুঠ তিনিখন খেলত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিছে আৰু এখনত জয়লাভ কৰিছে। প্ৰাৰম্ভিক দুখন মেচত পৰাজিত হোৱাৰ পিছত ৰয়েলছে...
অসমত মীন পালন আৰু জীৱিকা বৃদ্ধিৰ বাবে ২০৯ কোটি টকাৰ ঋণ প্ৰদান জাইকাৰ
জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা)ই ৩,৫৮০ মিলিয়ন জাপানীজ য়েন(প্ৰায় ২০৮ কোটি টকা) মূল্যৰ মীন পালনৰ এক ঋণ চুক্তিত স্বাক্ষৰ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে মীন...