ৰঙা চীনৰ বিৰুদ্ধে প্ৰৱাসী অসমীয়া ডঃ আৰতি বৰুৱাৰ বহিল অনশনত

56

ৰঙা চীনৰ বিৰুদ্ধে প্ৰৱাসী অসমীয়া ডঃ আৰতি বৰুৱাৰ বহিল অনশনত। মহাবাহু ব্ৰহ্মপুত্ৰক ভেটা দি ৰঙা চীনে নিৰ্মাণ কৰিৱলৈ ওলোৱা বৃহৎ নদীবান্ধৰ বিৰোধীতাৰে ৰাতিপুৱা ৯ বজাৰ পৰা দীঘলী পুখুৰীৰ পাৰত তিনিঘন্টীয়া প্ৰতীকী অনশন বহে।

দুপৰীয়া ১২ বজাৰ লগে লগেই তেখেতে পানী আৰু ORSL খাই অনশন ভংগ কৰে। তেখেতে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, বৃহৎ নদীবান্ধৰ পোষকতা কৰা যিকোনো ৰাষ্ট্ৰকেই পেৰিছ জলবায়ু চুক্তি অনুসৰি শাস্তি আৰু ক্ষতিপূৰণ আদায় কৰাৰ ব্যৱস্থা কৰিব লাগে। তাৰ বাবে তেখেতে প্ৰয়োজন হলে ৰাষ্ট্ৰসংঘলৈও যাব। কিন্তু ইয়াৰ বাবে অসমবাসী ৰাইজৰ সহায়ৰ প্ৰয়োজন হব।