সোমবাৰে কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত এখন চাৰিচকীয়া বাহন আৰু ল’ৰীৰ মাজৰ সংঘৰ্ষৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক আহত হয়। আৰক্ষীৰ তথ্য অনুসৰি নিহত কেইজনক ছামছুদ্দিন (৪০), মল্লিকা (৩৭), খলিল (৪২) আৰু টাব্ৰেজ (১৩) বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, চিত্ৰদুৰ্গাৰ মল্লপুৰাৰ সমীপত সংঘটিত হৈছে এই ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথ-৪৮ত ৭ জন লোকে যাত্ৰা কৰা চাৰিচকীয়াখনে এখন ৰখাই থোৱা ল’ৰীত খুন্দা মাৰে। এই দুৰ্ঘটনাত বাহনখনত থকা ৪ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে, ৰেহান, ৰহমান আৰু নাৰ্গিছ নামৰ আন তিনিজন গুৰুতৰভাৱে আহত হয়।
প্ৰাথমিক তথ্য অনুসৰি হোস্পেটৰ পৰা টুমকুৰলৈ গৈ আছিল গাড়ীখন। আহতসকলক জিলা চিকিৎসালয়, চিত্ৰদুৰ্গালৈ প্ৰেৰণ কৰাৰ লগতে ল’ৰী চালকজনক আটক কৰি ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
