ৰংজুলিত বিজেপিৰ বুথ কমিটীৰ সভাপতিক নৃশংসভাৱে হত্যা…

47

গোৱালাপাৰা জিলাৰ ৰংজুলিত বিজেপিৰ বুথ কমিটীৰ সভাপতিৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। হত্যাকাৰীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানেও সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত।

জানিব পৰা মতে, দেওবাৰে নিশা ৰংজুলিৰ ৰৌমাৰীত অলী কছাৰী নামৰ এজন যুৱকে নৃশংসভাৱে হত্যা কৰে মনোজ মাছাৰী নামৰ বিজেপিৰ বুথ কমিটীৰ সভাপতিজনক। মনোজ মাছাৰী এগৰাকী ভাল বাদ্যযন্ত্ৰী হিচাপেও অঞ্চলটোত পৰিচিত আছিল। খবৰ অনুসৰি, নিশা অলী কছাৰী নামৰ যুৱকজনে মনোজ মাছাৰীৰ ঘৰৰ সন্মুখত খাপ পিটি ৰৈ আছিল। মনোজ মাছাৰী ঘৰৰ পৰা ওলাই অহাৰ পিছতে হত্যাকাৰী অলী কছাৰীয়ে প্ৰথমে ডিঙি চেপি ধৰে আৰু তাৰ পিছত হাতত খুকুৰিৰে মনোজ মাছাৰীৰ মুৰ আৰু দেহত উপৰ্য্যুপৰি আঘাত কৰে। আক্ৰমণ সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে অভিযুক্ত অলী কছাৰীয়ে। পিছত মনোজ মাছাৰীক পৰিয়ালৰ লোকে মূমুৰ্ষ অৱস্থাত চিকিৎসালয়লৈ লৈ যায় যদিও আধা বাটতে কৰুণ মৃত্যু ঘটে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত চলাই দৰংগিৰিৰ কাচাদলৰ পৰা হত্যাকাৰী অলী কছাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও কি কাৰণত মনোজ মাছাৰীক হত্যা কৰা হৈছিল, সেই সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই আৰক্ষীয়ে। একাংশ স্থানীয় লোকৰ সন্দেহ অনুসৰি, ভূমি সংক্ৰান্তীয় কাৰণতে অলী কছাৰীয়ে মনোজ মাছাৰীক হত্যা কৰিছে। কিন্তু সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে।