৯ জুলাইত অসমলৈ আহিব বিৰোধীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহা

192

৯ জুলাইৰ পৰা ১১ জুলাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহা অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই জানিবলৈ দিয়ে।

বৰাই কয়, ‘কংগ্ৰেছে ইতিমধ্যে যশৱন্ত সিনহাক ভোট দিয়াৰ সিদ্ধান্ত লৈছে আৰু তেওঁৰ ৰাজ্য ভ্ৰমণৰ সময়ত আমাৰ দলীয় কৰ্মীসকলে তেওঁৰ লগত যাব।’

অসম কংগ্ৰেছে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ আৰু চিপিআই-এম নেতা মনোৰঞ্জন তালুকদাৰকো সিনহাৰ হৈ প্ৰচাৰ অভিযানত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কিন্তু এপিচিচিয়ে আন কোনো ৰাজ্যিক ৰাজনৈতিক দলক এই প্ৰচাৰ অভিযানলৈ আমন্ত্ৰণ কৰা নাই।

অসমত বদৰুদ্দিন আজমল নেতৃত্বাধীন সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক ফ্ৰণ্ট চমুকৈ এ আই ইউ ডি এফ দ্বিতীয়টো বিশিষ্ট বিৰোধী দল যাৰ ১৫ জন বিধায়ক আৰু এজন লোকসভা সাংসদ আছে।

ইতিমধ্যে আজমলে এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰাৰ ইংগিত দিছে।

বৰাই এই বিষয়ত এ আই ইউ ডি এফৰ সৈতে কোনো ধৰণৰ যোগাযোগ থকা বুলি অস্বীকাৰ কৰিছে।

‘যশৱন্ত সিনহাই যিকোনো ব্যক্তিক সাক্ষাৎ কৰিব পাৰে আৰু যিকোনো দলীয় নেতৃত্বই তেওঁক সাক্ষাৎ কৰিব পাৰে। আন কোনো পক্ষৰ সৈতে আমাৰ কোনো যোগাযোগ নাই আৰু কাক লগ পাম সেয়া সম্পূৰ্ণ তেওঁৰ (সিনহাৰ) পছন্দ হ’ব।’-বৰাই লগতে কয়।