৮ ডিচেম্বৰত হব অখিল গগৈৰ জামিন আবেদনৰ শুনানি

59

ডিজিটেল ডেস্ক: কৃষক নেতা অখিল গগৈৰ জামিন শুনানিৰ ৮ ডিচেম্বৰত পৰৱৰ্তী দিন ধাৰ্য কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হৈছিল অখিল গগৈৰ জামিনৰ৷

অখিল গগৈৰ পক্ষৰ শেষ শুনানি আছিল আজি৷ অখিল গগৈৰ অধিবক্তা হুফেজা এহমদীয়ে শুনানিত নিজৰ পক্ষ ৰাখে৷ তাৰ পিছতে এনআইএ পক্ষৰ অধিবক্তাই নিজৰ পক্ষ ৰাখে৷ দুয়ো পক্ষৰ কথা শুনি আদালতে ৮ ডিচেম্বৰত পৰৱৰ্তী দিন ধাৰ্য কৰে৷