৮ জুনৰ পৰা খোলা হ’ব ধৰ্মীয় অনুষ্ঠান, শ্বপিং মল, হোটেল কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ ঘোষণা

128

ষ্টাফ ৰিপৰ্টাৰ : দেশত জাৰি কৰা হৈছে পঞ্চম পৰ্যায়ৰ লকডাউন। পহিলা জুনৰ পৰা ৩০ জুনলৈ পুনৰ বৃদ্ধি লকডাউন। এইবাৰ ৮ জুনৰ পৰা খুলিব পাৰিব শ্বপিং মল,ৰেষ্টুৰেন্ট, ধর্মীয় অনুষ্ঠান। পঞ্চম পৰ্যায়ৰ লকডাউনৰ বাবে জাৰি কৰা হৈছে নতুন গাইডলাইন। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা। পহিলা জুনৰ পৰা ৩০ জুনলৈকে পঞ্চম পৰ্যায়ৰ লকডাউনৰ সময়ত নিশা জাৰি কৰা সান্ধ্য আইনৰ সময়ো সালসলনি কৰা হৈছে। নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে দেশজুৰি জাৰি কৰা হ’ব সান্ধ্য আইন। দেশত শেহতীয়াকৈ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এইদৰে উল্লেখ কেৱল কণ্টেইনমেণ্ট জ’নত পূৰ্ণ লকডাউন থাকিব। কণ্টেইনমেণ্ট জ’নৰ বাহিৰত পূৰ্ণ শিথিলতা থাকিব। পাৰ্লাৰ, মল আদিও খোলা হ’ব। কণ্টেইনমেণ্ট জ’নৰ বাহিৰে সকলো ৰেহাই থাকিব।একেবাৰে শিথিল কৰি জাৰি কৰা লকডাউনক লৈ চিন্তিত হৈ পৰিছে দেশবাসী। আনহাতে মধ্যপ্ৰদেশে ১৫ জুনলৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে।