ডিব্ৰুগড়ঃ সুমতি হওক চৰকাৰৰ! নাগৰিকত্ব সংশোধনী আইনকে ধৰি অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত কৰিব পৰা সিদ্ধান্ত লৈ অহা চৰকাৰখনক এতিয়া সুমতিৰ প্ৰয়োজন। সেই উদ্দেশ্যৰেই বুধবাৰে ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী পানীতোলা বৰ নামঘৰত ৮৫৫ গচি বন্তি প্ৰজ্বলন কৰি চৰকাৰখনৰ সুমতি কামনা কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ইয়াৰ লগতে নামঘৰত প্ৰাৰ্থনা জনাই ‘কা’ৰ বিৰুদ্ধে কৰা আন্দোলনৰ সময়ত প্ৰাণ হেৰুওৱা ৫গৰাকী শ্বহীদকো স্মৰণ কৰে সংগঠনটোৰ সদস্যসকলে। আনহাতে আগন্তুক বিধানসভা নিৰ্বাচনত বৰ্তমানৰ চৰকাৰখনক জনসাধাৰণে উচিত প্ৰত্যুত্তৰ দিব বুলিও মন্তব্য কৰে সংগঠনটোৰ নেতাসকলে।