৮বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা

275

বঙাইগাঁও কোকিলাত মানৱ সমাজক লজ্জিত কৰা এটা ঘটনা ।
অভয়াপুৰী নাম্বাৰপাৰাত ৮ বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা ।
অভয়াপুৰী থানাৰ অন্তৰ্গত নাম্বাৰপাৰা ১ ম খণ্ডত ঘটে এই ঘটনাটো ।
প্ৰাপ্ত তথ্য অনুসৰি বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰাত এগৰাকী ৮ বছৰীয়া নাবালিকাই দক্ষিণ নাম্বাৰপাৰাৰ চাৰিআলি
বজাৰৰ দোকান এখনত বিস্কুট কিনিবলৈ যায় ।

সেই বজাৰতে অৱস্থিত সোহা মেডিকেলৰ গৰাকী আমিনুল ইছলাম ওৰফে ওৱাহাব আলী নামৰ লম্পটজনে ৮ বছৰীয়া নাবালিকা জনীক সোহা মেডিকেল দোকান খনৰ ভিতৰত মাতি লৈ যায় আৰু পৰ্ণ ভিডিও দেখুৱাই নাবালিকা জনীৰ কাপোৰ কানি ছিঙি ধৰ্ষণ কৰাৰ চেষ্টা কৰে।

নাবালিকা জনীয়ে চিঞৰ বাখৰ কৰি কোনোমতে লম্পট আমিনুল ইছলাম ওৰফে ওৱাহাব আলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

তাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

এই ঘটনা সন্দৰ্ভত নাবালিকা জনীৰ পিতৃয়ে ন্যায় বিচাৰি অভয়াপুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

আৰু এজাহাৰৰ ভিত্তিত 372 /22. US 376AB/511 IPC আৰু R/W SEC 12/21 POCSO ACT ত গোচৰ পঞ্জীয়ন কৰে ।

অচামী সোহা মেডিকেলৰ গৰাকী আমিনুল ইছলাম ওৰফে ওৱাহাব আলী বৰ্তমান পলাতক অৱস্থাত আছে।