৭ মাৰ্চত অনুষ্ঠিত হব মাজুলীৰ উপ-নিৰ্বাচন…

147

এই বছৰৰ ৭ মাৰ্চত অনুষ্ঠিত হব মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন। ভাৰতীয় নিৰ্বাচন আয়োগে (ইচিআই) শনিবাৰে তাৰিখ ঘোষণা কৰে।

নিৰ্বাচন আয়োগে জাৰি কৰা মতে, মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৭ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰা হৈছে আৰু ভোট গণনা সম্পন্ন হব ১০ মাৰ্চত হ’ব।

ইচিআইয়ে আৰু কয় যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো কোভিড-১৯ প্ৰটোকল অনুসৰণ কৰিব লাগিব।

লক্ষণীয়ভাৱে, মাজুলী সমষ্টিৰ আসনখন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জয়লাভ কৰিছিল। কিন্তু পিছত মোডী মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে আসনখন খালী হৈ পৰে।

উপ-নিৰ্বাচন যোৱা বছৰ অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু সেয়া অনুষ্ঠিত হোৱা নাছিল কিয়নো সোণোৱালে আন পাঁচটা সমষ্টিত উপ-নিৰ্বাচন ঘোষণা নোহোৱালৈকে পদত্যাগ পত্ৰ প্ৰদান কৰা নাছিল।