অহা ৭ জুনত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব অসমৰ মাধ্যমিক শিক্ষা ব’ৰ্ডে।
এই কথা নিশ্চিত কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
টুইটাৰত শৰ্মাই লিখিছে, “২০২২ চনৰ ৭ জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।”
উল্লেখ কৰিব পাৰি যে ১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ HSLC আৰু AHM পৰীক্ষা অনুষ্ঠিত হৈছিল।