৭,৮ অক্টোবৰত অসমলৈ আহিব জেপি নাড্ডা, অমিত শ্বাহ

138

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা অক্টোবৰত অসম ভ্ৰমণলৈ আহিব। ৭ অক্টোবৰত দলৰ সদস্যসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰিব দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে।

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অহা ৮ অক্টোবৰত অসম ভ্ৰমণ কৰিব। তেওঁ ৰাজ্যৰ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

শ্বাহে বিজেপিৰ নতুন কার্যালয় উদ্বোধন কৰাৰ লগতে খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া দলীয় কর্মীসকলৰ বৈঠকতো অংশগ্রহণ কৰিব৷