৭৪ সংখ্যক স্বাধীনতা দিৱসৰ ওলগ জনাই ভাৰতৰ বিষয়ে কি ক’লে চীনে…

49

ডিজিটেল ডেস্কঃ কোৰোনা সন্ত্ৰাসৰ মাজতে আজি দেশবাসীয়ে পালন কৰিলে ৭৪ সংখ্যক স্বাধীনতা দিৱস। ভাৰতবাসীৰ বাবে এই বিশেষ দিনটোত ওলগ জনাইছে চীনেও। ভূমি বিবাদ তথা অন্যান্য কাৰণত অব্যাহত থকা চীন-ভাৰতৰ বিবাদৰ মাজতে ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত চান ৱাইডঙে টুইটযোগে ভাৰতবাসী আৰু চৰকাৰক স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰে।

চীনা ৰাষ্ট্ৰদূতগৰাকীয়ে লগতে আশা প্ৰকাশ কৰে চীন-ভাৰতৰ সম্পৰ্ক পুনৰ সাধাৰণ হোৱাৰ। টুইটত তেওঁ লিখিছে- ‘প্ৰাচীন সভ্যতাপূৰ্ণ দুখন দেশ হৈছে চীন আৰু ভাৰত। আমি আশা কৰো দুইখন দেশে পুনৰ শান্তি আৰু সমৃদ্ধিৰ বাবে একত্ৰিত হ’ব।’

উল্লেখ্য যে, ভাৰতৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ পুৱা দিল্লীৰ লাল কিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ ত্ৰিৰংগা উত্তোলন কৰে। সেই অনুষ্ঠানত উপস্থিত থাকে দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ইফালে পতাকা উত্তোলনৰ পাছতে লালকিল্লাৰ পৰাই দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।