৭০ বছৰত পাকিস্তানৰ গৌৰৱ কেৱল সন্ত্ৰাসবাদ…

72

ডিজিটেল ডেস্কঃ সংযুক্ত ৰাষ্ট্ৰ মহাসভাত পাকিস্তানৰ তৰফৰ পৰা কাশ্মীৰৰ বিষয় উত্থাপন কৰাৰ পিছতে ভাৰতে প্ৰত্যুত্তৰ দি কয় যে ইছলামাবাদে পুনৰ মিথ্যাচাৰৰ আশ্ৰয় লৈ আছে আৰু ভাৰতত আতংক সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিছে। যোৱা ৭০ বছৰত পাকিস্তানৰ গৌৰৱ কেৱল সন্ত্ৰাসবাদহে হৈ পৰিছে বুলি পাকিস্তানক কটুক্তি কৰে ভাৰতে।

উল্লেখ্য যে, সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ বাৰ্ষিক অধিৱেশনত পাক প্ৰধানমন্ত্ৰী ইমৰান খানে পূৰ্বে ৰেকৰ্ড কৰি ৰখা ভিডিঅ’ৰ জৰিয়তে কাশ্মীৰৰ বিষয় উত্থাপন কৰে। তাৰ পিছতে ভাৰতৰ প্ৰতিনিধিয়ে পাকিস্তানৰ আচৰণৰ সমালোচনা কৰে। সংযুক্ত ৰাষ্ট্ৰৰ ভাতৰত স্থায়ী প্ৰতিনিধি তথা ৰাষ্ট্ৰদূত টি এছ তিৰুমূৰ্তিয়ে টুইটযোগে কয়, ‘পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মন্তব্য পুনৰ এবাৰ কূটনৈতিক বিফলতাৰ পৰিচায়ক। পুনৰ মিথ্যাচাৰৰ আশ্ৰয়, ব্যক্তিগত আক্ৰমণ আৰু পাকিস্তানত থকা সংখ্যালঘু সকলৰ ওপৰত হোৱা অত্যাচাৰ তথা সীমান্তত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ঢাকি ৰখাৰ প্ৰয়াস কৰিছে পাকিস্তানে।’

আনহাতে সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ বাৰ্ষিক অধিৱেশনত শনিবাৰে ভাৰতীয় সময়ানুসৰি সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সংযুক্ত হৈ তেওঁ সন্ত্ৰাসবাদৰ আন বহুকেইটা বিষয় সম্পৰ্কে মন্তব্য আগবঢ়াব বুলি জানিব পৰা গৈছে।