৭জুলাইৰ ভিতৰত বাঘজান তৈল খাদৰ জুই নুমুৱাৰ আশ্বাস

76

অভিশপ্ত বাঘজানৰ বি যি আৰ ৫ নং তৈল খাদত ২৭ মে’ৰ দিনটোত সংঘটিত হৈছিল এক প্ৰচণ্ড বিস্ফোৰণ। এই বিস্ফোৰণৰ পিছতেই খাদটোৰ পৰা অহৰহ ওলাই আছে তেল আৰু গেছ ।অইল ইণ্ডিয়া, তথা অ এন জি চি আৰু বিদেশৰ পৰা অহা বিশেষজ্ঞৰ দলে খাদটোৰ নিয়ন্ত্ৰণৰ বাবে নামি পৰাৰ পিছতো ২৮ টা দিনে নুমুৱাব পৰা নাই বাঘজানৰ সেই অভিশপ্ত খাদটোত দপদপাই জ্বলি থকা জুই কুৰা। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে বাঘ জান বাসীয়ে নিজৰ আপোন ঘৰখন এৰি  প্ৰায় ১২ টা আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰিব লগীয়া হৈছে।খাদটোৰ পৰা প্ৰায় ১৩ টা দিনে নিৰ্গত হৈছে অহৰহ ভাবে তেল আৰু গেছ। ইয়াতে ৯জুনত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে বৃহত্তৰ বাঘজানত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিৱেশৰ। গেছ আৰু তেলে চানি ধৰা বৃহত্তৰ বাঘ জান অঞ্চলকে ধৰি লগতে লাগি থকা ৭ খন কৈ গাঁও আৰু বিশ্ব বিখ্যাত মাগুৰি মতাপুং বিল আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থা তথৈবচ।