৬ দিন ধৰি সন্ধানহীন হৈ থকা TMC নেতাৰ মৃতদেহ বিহাৰত উদ্ধাৰ

89

ডিজিটেল ডেস্কঃ বিগত ৬টা দিন ধৰি সন্ধানহীন হৈ থকা তৃণমূল কংগ্ৰেছৰ এজন নেতাৰ মৃতদেহ শনিবাৰে বিহাৰৰ কাটিহাৰত উদ্ধাৰ হোৱাৰ পিছতে ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মালদাৰ নিৱাসী পেছাত ইটা ব্যৱসায়ী আনেছুৰ ৰহমান ৬ দিন পূৰ্বে সন্ধানহীন হৈছিল। তাৰ পিছতে শনিবাৰে কাটিহাৰৰ বলৰামপুৰ থানাৰ অন্তৰ্গত ৰে’ল লাইনৰ কাষত থকা এজোপা গছত চিপ লৈ থকা অৱস্থাত আনেছুৰৰ মৃতদেহ উদ্ধাৰ হয়।

ব্যৱসায়জনিত কাৰণত কোনো লোকে তৃণমূল নেতাজনক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ঘটনাস্থলীত বলৰামপুৰ আৰক্ষী উপস্থিত হৈ ইতিমধ্যে মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৃত ব্যক্তিজনৰ পৰিয়ালে এই ঘটনাৰ চিবিআই তদন্তৰ দাবী জনাইছে।