অহা ৬ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মু।
এই কথা জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই।
সঞ্চালক গৰাকীয়ে প্ৰকাশ কৰা মতে ৬ আৰু ৭ এপ্ৰিলত কাজিৰঙাত আয়োজন কৰা গজ মহোৎসৱত অংশ ল’ব ৰাষ্ট্ৰপতি গৰাকীয়ে।
ইয়াৰ উপৰি ৰাষ্ট্ৰপতি মূৰ্মুই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিব।
