৫ ৰাজ্যৰ নিৰ্বাচনত দেখুওৱা নিৰাশাজনক প্ৰদৰ্শনৰ কাৰণ বিশ্লেষণৰ বাবে সমিতি গঠন কৰিব কংগ্ৰেছে

74

সদ্য সমাপ্ত ৫ ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেচৰ বিফল প্ৰদৰ্শনত নিৰাশ হৈছে ছোনীয়া গান্ধী। আজি অনুষ্ঠিত কংগ্ৰেছৰ কাৰ্য সমিতিৰ বৈঠকত এই নিৰাশা ব্যক্ত কৰি শীঘ্ৰে এনে ব্যৰ্থ প্ৰদৰ্শনৰ কাৰণ বিশ্লেষণ কৰাৰ পোষকতা কৰে কংগ্ৰেছৰ অন্তৰিম অধ্যক্ষ ছোনীয়া গান্ধীয়ে। কংগ্ৰেছৰ নিৰাশাজনক প্ৰদৰ্শনৰ প্ৰতিটো কাৰণ বিচাৰি উলিয়াবলৈ এখন সমিতি গঠন কৰাৰ কথাও ব্যক্ত কৰে ছোনীয়া গান্ধীয়ে।

সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁট মাত্ৰ ৫০ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হল। কেৰালাত অতি শোচনীয় পৰাজয়ৰ সন্মুখীন হল কংগ্ৰেছ। পশ্চিম বংগ বিধানসভা নিৰ্বাচনত এখন আসনো দলটোৱে লাভ কৰিব নোৱাৰিলে। আনহাতে পুডুচেৰীত কিছুমাহ আগলৈকে ৰাজগাদী দখল কৰি থকা কংগ্ৰেছ মিত্ৰজোঁটে সদ্য সমাপ্ত নিৰ্বাচনত মুখ থেকেচা খালে। দলটোৰ এনে পৰাজয়ে এতিয়া আত্মবিশ্বাসো বহু খিনি হ্ৰাস কৰিছে দলটোৰ নেতা-কৰ্মীসকলৰ। আৰু সেই বাবেই কংগ্ৰেছৰ ডুবিবলৈ ধৰা নাওখনি পুনৰ উদ্ধাৰৰ বাবে উঠিপৰি লাগিছে ছোনীয়া গান্ধী। দলটোৱে কৰা প্ৰতিটো ভুল, ব্যৰ্থতাৰ প্ৰতিটো কাৰণ পুংখানুপুংখভাৱে বিশ্লেষণ কৰি পুনৰ দলক পূৰ্বৰ স্থিতিলৈ লৈ যোৱাৰ বাবে দলটোৰ জ্যেষ্ঠ নেতাসকলক তেওঁ আহ্বান জনায়।

ইফালে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত মোডী চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলিও কাৰ্যসমিতিৰ বৈঠকত মন্তব্য কৰে ছোনীয়া গান্ধীয়ে। কোৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ কংগ্ৰেছৰ প্ৰতিজন নেতা-কৰ্মীক আগুৱাই আহিবলৈ তেওঁ আহ্বান জনায়।