৫ বছৰ পিছত ভাৰতত আৰু নাথাকিব পেট্ৰ’ল! কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দাবীক লৈ সৰ্বত্ৰে চৰ্চা

272

ডিজিটেল ডেস্কঃ পাঁচ বছৰৰ পাছত দেশত আৰু নাথাকিব পেট্ৰ’ল! এই দাবী কেন্দ্ৰীয় গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। তেওঁক ডক্টৰ অৱ চাইন্সৰ সন্মানীয় ডিগ্ৰী প্ৰদান কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকি গডকাৰীয়ে এই মন্তব্য কৰে। এইদৰে দেশত পেট্ৰ’লৰ দাম অহৰহ বৃদ্ধি পাইছে। কেন্দ্রীয় মন্ত্রীৰ এনে কথা শুনি সাধাৰণ জনতা স্বাভাৱিকতে আচৰিত হৈ পৰে৷

দেশৰ পৰা কিয় নোহোৱা হ’ব পেট্ৰ’ল? আৰু পেট্ৰ’ল শেষ হ’লে গাড়ীবোৰ কেনেকৈ চলিব? গডকাৰীয়ে নিজেই উত্তৰ দিলে। তেওঁ কয় যে মহাৰাষ্ট্ৰৰ বিদৰ্ভ জিলাত বায়’-ইথানল উৎপাদন কৰা হৈছে। সেই ইথানল ব্যৱহাৰ কৰি পৰীক্ষামূলকভাৱে বাহন চলোৱা হৈছে। ইথানল প্ৰতি কেজিত ৬০ টকাত উপলব্ধ। একে সময়তে অহা ৫ বছৰত ভাৰতৰ পেট্ৰ’ল শেষ হ’ব বুলিও কয় কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷ ফলত ভাৰতত নিষিদ্ধ হ’ব জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ।

দেশৰ উন্নয়নত কৃষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, ‘কৃষকসকলে কেৱল খাদ্য উৎপাদন বন্ধ কৰা উচিত নহয়। শক্তি উৎপাদন কৰাৰ প্ৰয়োজন। কেৱল ধান, ঘেঁহুৰ খেতি কৰি তেওঁলোকে নিজৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে।” গডকাৰীয়ে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ এখন কৃষি বিশ্ববিদ্যালয়ত বিশেষ ডিগ্ৰী লাভ কৰে। এই উপলক্ষে ভাষণ দি তেওঁ পেট্ৰ’ল সন্দৰ্ভত মন্তব্য কৰে।

ভাৰতীয় বজাৰত তেলৰ যোগান হ্ৰাস পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল, ডিজেল আৰু জেট ইন্ধনৰ ৰপ্তানিৰ ওপৰত কৰ আৰোপ কৰিছে। পেট্ৰ’ল আৰু জেট ইন্ধনৰ ৰপ্তানিৰ ওপৰত প্ৰতি লিটাৰত ৮ টকা কৰ আৰোপ কৰা হৈছে। বিদেশলৈ ৰপ্তানি কৰা ডিজেলৰ ওপৰত প্ৰতি লিটাৰত ১৩ টকা কৰ আৰোপ কৰা হৈছে। নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা দেশত উৎপাদিত খাৰুৱা তেলৰ ওপৰত তেল কোম্পানীসমূহে প্ৰতি টনত ২৩,২৫০ টকা অতিৰিক্ত কৰ আদায় দিব লাগিব। বিশ্লেষকসকলৰ মতে এই সিদ্ধান্তই ঘৰুৱা বজাৰত ইন্ধনৰ যোগান বৃদ্ধি কৰি মূল্য (পেট্ৰ’লৰ মূল্য বৃদ্ধি) কিছু নিয়ন্ত্ৰণলৈ আনিব।