৫ বছৰৰ ভিতৰত সমাধান হ’ব অসমৰ বান সমস্যাঃ আকৌ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ…

292

গুৱাহাটীঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে অসমৰ বান সমস্যা সমাধানৰ বাবে পাঁচ বছৰৰ সময় বিচাৰি কয় যে চৰকাৰে প্ৰাকৃতিক দুৰ্যোগ নিৰ্মূল কৰিবলৈ চেষ্টা কৰি আছে।

গুৱাহাটীত দলটোৰ নৱনির্মিত ৰাজ্যিক কার্যালয় উদ্বোধন কৰাৰ পাছতে বিজেপিৰ কর্মীসকলৰ এখন সভাত ভাষণ দি শ্বাহে কয়৷

তেওঁ কয় যে এই মুহূৰ্তত এক “অভিলাষী” বান প্ৰশমন প্ৰকল্প প্ৰস্তুত কৰা হৈছে।

‘বিজেপিৰ ইস্তাহাৰত আমি সন্ত্ৰাসবাদ, দুৰ্নীতি আৰু বানপানীৰ পৰা মুক্ত অসমৰ প্ৰতিশ্ৰুতি দিছিলোঁ। আমি ইতিমধ্যে প্ৰথম দুটা অৰ্জন কৰিছো৷ আমাক আৰু পাঁচ বছৰ দিয়ক, আমি অসমক বানপানীৰ পৰা মুক্ত কৰিম।’- গৃহমন্ত্ৰীয়ে কয়।

প্ৰায় প্ৰতি বছৰে বানপানীৰ ঢৌৱে অসম বিধ্বস্ত কৰে। ৰাজ্য চৰকাৰৰ এটা ৱেবচাইটত প্ৰকাশ পাইছে যে এই দুৰ্যোগৰ ফলত বাৰ্ষিক গড় লোকচান প্ৰায় ২০০ কোটি টকা।

শ্বাহে কয় যে তেওঁ ইতিমধ্যে শুকুৰবাৰে সন্ধিয়া বিভিন্ন অংশীদাৰৰ সৈতে সমস্যাটোৰ বিষয়ে দীঘলীয়াকৈ আলোচনা কৰিছে আৰু উত্তৰ-পূব পৰিষদৰ তত্বাৱধানত “এটা অভিলাষী প্ৰকল্প” প্ৰস্তুত কৰা হৈছে।

‘পাঁচ বছৰৰ পাছত বানপানী ইতিহাস হৈ পৰিব। অসমক বানমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়প্ৰতিজ্ঞ।’-তেওঁ লগতে কয়।

শ্বাহে আৰু কয় যে দলটোৱে আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাত বিশ্বাস কৰে যাতে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ (AFSPA)ৰ দৰে আইন সমাজত প্ৰয়োজন নহয় আৰু ইয়াৰ প্ৰয়োগ ইতিমধ্যে উত্তৰ-পূব অঞ্চলৰ প্ৰায় ৮০ শতাংশৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে।

“এএফএছপিএ হৈছে সেনা আৰু নিৰাপত্তা বাহিনীৰ বাবে সুৰক্ষা। ৰাহুল গান্ধীয়ে তেওঁৰ দলৰ চৰকাৰ ক্ষমতালৈ আহিলে আফস্পা প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছিল। মই কৈছিলোঁ যে নিৰাপত্তা বাহিনী শক্তিশালী কৰাৰ প্ৰয়োজন আছে।’-তেওঁ লগতে কয়।

শ্বাহে অসম চৰকাৰক উত্তৰ-পূবৰ ৰাজ্যখনক বানপানীৰ পৰা ৰক্ষা কৰিবলৈ দীৰ্ঘম্যাদী পৰিকল্পনা ৰচনা কৰিবলৈ কৈছিল, যাতে অধিক উন্নয়ন হ’ব পাৰে।