৫ দিনে কোনো সন্ধান নাই জুৰীয়াৰ ৰুকচানাৰ, পৰিয়ালত হাহাকাৰ

335

পূূজাৰ ঠিক পূৰ্বে নগাঁও জিলাৰ জুৰীয়াৰ এগৰাকী কিশোৰী সন্ধানহীন হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ৩০ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে জুৰীয়াৰ তিনিচুকীয়া গাঁৱৰ ৰুকচানা খাতুন নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী।

পৰিয়ালে জনোৱা মতে, সেইদিনা বিয়লি দোকানলৈ যাও বুলি ঘৰৰ পৰা ওলাই আহিছিল ৰুকচানা।

কিন্তু তাৰ পিছত ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে।

ইতিমধ্যে ৰুকচানাক ক’তো বিচাৰি নাপাই জুৰীয়া আৰক্ষী থানাত সন্ধানহীন হোৱাৰ এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।