৫০ টকাৰ উৎকোচ লৈ চাংসাৰিত নিলম্বিত হ’ল দুই আৰক্ষী জোৱান

133

পৱন নীল কাশ্যপ, চাংসাৰিঃ কামৰূপ জিলাৰ চাংসাৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ পৰা উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত হ’ল অসম আৰক্ষীৰ দুই কনিষ্টবল। জানিব পৰা মতে, পশ্চিম বংগৰ পৰা গুৱাহাটী অভিমুখে অহা এখন বাহনৰ পৰা কৰ্তব্যৰত দুই কনিষ্টবল ক্ৰমে নুৰ ইছলাম আৰু উপেন কলিতাই ৫০ টকা উৎকোচ লৈছিল।

আৰক্ষী জোৱান দুজনে এই উৎকোচ লৈ থকাৰ ভিডিঅ’ স্থানীয় ৰাইজে মোবাইল কেমেৰাত আৱদ্ধ কৰি আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰাৰ পিছতে আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আৰক্ষী জোৱান দুজনক নিলম্বন কৰে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায়ে কৰ্তব্যৰত আৰক্ষী জোৱানে এনেদৰে বাহনৰ পৰা উৎকোচ লৈ আহিছে। কিন্তু সচেতন নাগৰিকে এইবাৰ আৰক্ষীয়ে উৎকোচ লৈ থকাৰ দৃশ্য কেমেৰাত আবদ্ধ কৰাৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে আৰক্ষী অধীক্ষকে।