৫টা পদকৰে আন্তঃজিলা যুৱ আৰু জ্যেষ্ঠ বক্সিং প্ৰতিযোগিতাত নগাঁৱৰ সাফল্য

4564

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ দুলীয়াজানত যোৱা ২৩ আগষ্টৰ পৰা ২৬ আগষ্টলৈ ৪১ সংখ্যক সদৌ আন্তঃজিলা যুৱ আৰু জ্যেষ্ঠ পুৰুষ আৰু মহিলা বক্সিং চেম্পিয়নশ্বিপ-২০২২খনি অনুষ্ঠিত হৈ যায়। চেম্পিয়নশ্বিপত নগাঁও জিলা বক্সিং দলে অংশগ্ৰহণ কৰি পাঁচটা পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

সেই অনুসৰি ৬৭-৭১ কিল’গ্ৰাম শাখাত সোমৰাজ শইকীয়াই সোণৰ পদক,৮৬-৯২কিল’গ্ৰাম শাখাত মুনিন্দ্ৰ নাথে ৰূপৰ পদক, ৫৪-৫৭ কিল’গ্ৰাম শাখাত ৰূপম বৰ্ডোলিয়ে ব্ৰঞ্জৰ পদক, ৭৫-৮০ কিল’গ্ৰাম শাখাত টোপান বাগলাৰীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

আনহাতে, মহিলাৰ শাখাত হিয়াশ্ৰী শইকীয়াই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, উক্ত খেলুৱৈ কেইগৰাকীৰ লগত প্ৰশিক্ষক হিচাপে আছিল অমৰ জ্যোতি ভৰাঁলী৷