প্ৰাক্তন ক্ৰিকেটাৰ তথা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰাহুল দ্ৰাবিড় সোমবাৰে ৪৮ বছৰ বয়সত ভৰি দিয়ে ৷ এগৰাকী বেটছ মেন, উইকেট কিপাৰ হিচাপে ভাৰতীয় ক্ৰিকেট দললৈ ৰাহুল দ্ৰাবিড়ৰ অৱদান উল্লেখনীয় ৷ ভাৰতীয় ক্ৰিকেট দলত এক ঈৰ্ষণীয় অধ্যায়েৰে ক্ৰিকেট কেৰিয়াৰৰ সামৰণি মাৰিছিল ৰাহুল দ্ৰাবিড়ে ৷
১৯৭৩ চনৰ আজিৰ দিনটোতে ইন্দোৰত জন্ম লাভ কৰিছিল ক্ৰিকেটাৰ গৰাকীয়ে ৷ ১৯৯৬ চনত ভাৰতীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত হোৱা ৰাহুল দ্ৰাবিড়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল প্ৰতিখন খেলত ৷ ২০১১ চনত টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ লয় আৰু ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু ফাৰ্ষ্ট ক্লাচ ক্ৰিকেট পৰা অৱসৰ ঘোষণা কৰে ৰাহুল দ্ৰাবিড়ে ৷ আজি ৰাহুল দ্ৰাবিড়ৰ ৪৮ সংখ্যক জন্মদিনত অনুৰাগীসকলে প্ৰিয় ক্ৰিকেটাৰগৰাকীলৈ প্ৰেৰণ কৰিছে জন্মদিনৰ অজস্ৰ শুভকামনা ৷