৪০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কিশোৰী কন্যাক! গ্ৰেপ্তাৰ পিতৃ-মাতৃ

254

পিতৃ-মাতৃয়ে কিশোৰী কন্যাক বিক্ৰী কৰিলে মাত্ৰ ৪০ হাজাৰ টকাত। অগ্ৰিম ধনৰ বিনিময়ত এজন ব্যক্তিয়ে কিশোৰী ছোৱালীৰ সৈতে বিবাহত বহিল। আৰক্ষীয়ে এই কথা জানিব পাৰি কিশোৰীগৰাকীক উদ্ধাৰ কৰে। শিশু সৰবৰাহৰ গোচৰতো ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ সমীপৱৰ্তী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, জাঞ্জতি পৰিয়ালৰ ১২ বছৰীয়া কিশোৰীগৰাকীক পিতৃ-মাতৃয়ে ৪০ হাজাৰ টকাত বিক্ৰী কৰিছিল। ছোৱালীজনীক ২৭ বছৰীয়া যুৱকৰ সৈতে বিয়া কৰাব লাগে বুলি চৰ্ত দিয়া হৈছিল। তেতিয়াহে ৪০ হাজাৰ টকা পাব। ছোৱালীজনীৰ পৰিয়ালে এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। ছোৱালীজনীৰ আপত্তি সত্ত্বেও বিয়া ঠিক হৈ গ’ল। আগধন হিচাপে ২০ হাজাৰ টকাও দিয়া হৈছিল।

সোমবাৰৰ পৰা আৰম্ভ হৈছে ছোৱালীজনীৰ ওপৰত মাহ-হালধি সনাৰ অনুষ্ঠান। তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী। ভূপালৰ অধীক্ষক কিৰণলতা কেৰকেটাই কয়, ‘হালধি অনুষ্ঠানৰ কথা শুনি আমি বিবাহ অনুষ্ঠানত উপস্থিত হ’লোঁ৷ কইনাৰ বয়স গম পোৱাৰ পিছত অনুষ্ঠান বন্ধ কৰি দিয়া হ’ল। ছোৱালীজনীয়ে কয় যে টকাৰ বিনিময়ত তাইক বিয়া কৰিবলৈ বাধ্য কৰা হৈছে।”

এইটোও জনা যায় যে বিয়াৰ পিছত বাকী থকা ২০ হাজাৰ টকা ছোৱালীজনীৰ পৰিয়ালক গতাই দিয়াৰ কথা আছিল। এই ঘটনাত ইতিমধ্যে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তাৰ ভিতৰত ছোৱালীজনীৰ পিতৃ-মাতৃও আছে। ২৭ বছৰীয়া স্বামী আৰু পিতৃ-মাতৃকো গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে বাল্য বিবাহ, মহিলা সৰবৰাহৰ দৰে একাধিক অভিযোগ দাখিল কৰা হৈছে।