৩৫১ নহয় ২১৭ টকা কৰা হ’ল চাহ শ্ৰমিকৰ মজুৰিঃ সোণোৱাল কেবিনেটত জনগণৰ বাবে কেইবাটাও উপহাৰ

61

ৰাজ্যৰ চাহ শ্ৰমিকৰ মজুৰি ৫০ টকাকৈ বৃদ্ধি ৰাজ্য চৰকাৰৰ৷ এতিয়াৰ পৰা এদিনত ৰাজ্যৰ চাহ শ্ৰমিকে ২১৭ টকা মজুৰি লাভ কৰিব৷ ১৬৭ টকাৰ পৰিৱৰ্তে ২১৭ টকালৈ বৃদ্ধি কৰে চাহ শ্ৰমিকৰ মজুৰি৷ আনহাতে ৫৭ খন স্কুলত কৰ্মৰত ১০১গৰাকী কাৰিকৰী শিক্ষকৰ দৰমহা বৃদ্ধি আৰু ৫৮০গৰ‍াকী হাইস্কুল শিক্ষকৰ চা‍কৰি নিয়মীয়াকৰণ কৰে চৰকাৰে৷ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে৷ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত কৰ্মচাৰীৰ চাকৰি কাল বৃদ্ধি কৰি ১০ বছৰতকৈ বেছিদিন কৰ্মৰত কৰ্মচাৰীৰ চাকৰিকাল ৬০ বছৰলৈ বৃদ্ধি কৰে৷ Assam Disaster Management Authorityৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ কঢ়িয়াই আনি চৰকাৰে
ASDMAৰ অধীনত কৰ্মৰত ডাটা অপাৰেটৰৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ সিদ্ধান্ত লয়৷ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক ২৮০ বিঘা ভূমি আৱণ্টন দিয়াৰ উপৰিও ঈশ্বৰীয় বিশ্ববিদ্যালয়ক ১০ বিঘা ভূমি আৱণ্টন দিয়ে ৰাজ্য চৰকাৰে৷ বিশেষ ভাৱে সক্ষমৰ বাবে ৮ হাজাৰ হুইল চকী ক্ৰয়ৰ সিদ্ধান্ত লয়৷ নিৰ্বাচনত বিশেষ ভাৱে সক্ষমৰ বাবে ব্যৱহাৰ হ’ব হুইল চেয়াৰসমূহ৷ বড়োলেণ্ডৰ বাবে সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত লোৱাৰ উপৰিও বডোলেণ্ডত শীঘ্ৰে সুকীয়া ষ্টাফ কলেজ স্থাপন হ’ব৷ পূৰ্বৰ ষষ্ঠ অনুসূচীৰ অধীনত পাৰ্বত্য উন্নয়ন বিভাগৰ নাম সলনি কৰি পৃথক পৃথক ষষ্ঠ অনুসূচীৰ অধিনত দুটাকৈ বিভাগ কৰাৰ সিদ্ধান্ত লয় চৰকাৰে৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্য চৰকাৰে ভোটাৰক আকৰ্ষিত কৰাৰ বাবে নিত্য নতুন আঁচনি গ্ৰহণ কৰিছে৷ বিজেপিৰ চৰকাৰে খনে ৫ বছৰ সমাপ্ত হোৱাৰ প্ৰাকমুহূৰ্তত চাহ শ্ৰমিকক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ চাহ শ্ৰমিকে ১৬৭ টকাৰ পৰিৱৰ্তে দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত যোৱা ৪ বছৰত আন্দোলন কৰি গৈছে শ্ৰমিক তথা শ্ৰমিকসংগঠনে৷ তাৰ মাজতে চাহ শ্ৰমিকক সন্তুষ্ট কৰিছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ শনিবাৰে বৈঠক অনুষ্ঠিত হয়৷ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত বৈঠকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আটাইকেইগৰাকী মন্ত্ৰী আৰু উচ্চপদস্থ আমোলাসকল উপস্থিত থাকে৷ মন্ত্ৰী পৰিষদৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ মন্ত্ৰী পৰিষদৰ বৈঠকত চাহ শ্ৰমিকৰ বাবে বিশেষ উপহাৰ দিয়ে৷ ১৬৭ টকাৰ পৰিৱৰ্তে ২১৭ টকালৈ বৃদ্ধি কৰে চাহ শ্ৰমিকৰ মজুৰি। এতিয়াৰ পৰা এদিনত ৰাজ্যৰ চাহ শ্ৰমিকে ২১৭ টকা মজুৰি লাভ কৰিব৷ ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ মজুৰি বৃদ্ধি তথা সমস্যা সমাধানৰ বাবে এজনীয়া সমিতি গঠন কৰে মন্ত্ৰী পৰিষদে৷ আয়ুক্ত সচিব জে বি এক্কাৰ নেতৃত্বত গঠন কৰা সমিতিয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু অন্যান্য সমস্যা সন্দৰ্ভত চৰকাৰে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ বৈঠকত ৰাজ্যৰ ৫৮০গৰ‍াকী হাইস্কুল শিক্ষকৰ চা‍কৰি নিয়মীয়াকৰণ, ৫৭ খন স্কুলত কৰ্মৰত ১০১গৰাকী কাৰিকৰী শিক্ষকৰ দৰমহা ২৮ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বডোলেণ্ডত শীঘ্ৰে সুকীয়া ষ্টাফ কলেজ স্থাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে সোণোৱাল মন্ত্ৰীসভাই৷