৩২.০৪ শতাংশ বিকাশেৰে বন্ধন বেংকৰ মুঠ সঞ্চয়ৰ পৰিমাণ বাঢ়িল ৫৭,০৮২ কোটি টকালৈ৷ ৬০.৪৬ শতাংশ বিকাশেৰে ঋণ বহীৰ ৭১,৮৪৬ কোটিলৈ বৃদ্ধি

65

ষ্টাফ ৰিপোৰ্টাৰ, ১৩ মে ‘: বন্ধন বংকে বুধবাৰে ২০১৯-২০ বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকৰ ফলাফলৰ বিষয়ে ঘোষণা কৰে৷ সেই অনুসৰি বছৰি ভিত্তিত ১,২৮,৯২৮ কোটি টকাৰ লক্ষ্যত উপনীত হ’বলৈ বেংকটোৰ ব্যৱসায় ৪৬.৫০ শতাংশ বৃদ্ধি হৈছে৷ এয়া আছিল পঞ্চম চতুৰ্থ ত্ৰৈমাসিকৰ ঘোষণা৷ বেংকটোৱে বিত্তীয় বৰ্ষ ২০১৫-১৬ত অভিযান আৰম্ভ কৰিছিল আৰু চলিত বৰ্ষৰ আগষ্টত কাৰ্যাৱলীৰ পাঁচটা বছৰ সম্পূৰ্ণ কৰিব৷ মাত্ৰ চাৰে চাৰি বছৰৰ ভিতৰতে বেংকটোৱে ৪,৫৫৯টা আউটলেটৰ জৰিয়তে ২.০১ লাখ উপভোক্তাক সেৱা আগবঢ়াই আহিছে৷ এই বিত্তীয় বৰ্ষটোত বেংকত ১১ লাখ নতুন গ্ৰাহক সংযোজিত হৈছে৷ বন্ধন বেংকত কৰ্মৰত মুঠ কৰ্মচাৰী হৈছে ৩৯,৭৫০গৰাকী৷ যোৱা বৰ্ষতকৈ বেংকটোৰ সঞ্চয়ৰ বহীৰ ৩২.০৪ শতাংশ বিকাশ হৈছে৷ বৰ্তমানলৈ মুঠ জমাৰ পৰিমাণ ৫৭,০৮২ কোটি টকা৷ কাৰেণ্ট একাউণ্ট আৰু ছেভিংছ একাউণ্ট (চি এ এছ এ) বহীৰ ১৯.৩৬ শতাংশ বিকাশ হৈছে৷ অগ্ৰীম বহীত বেংকটোৰ বিগত বৰ্ষতকৈ ৬০.০৪ শতাংশ বিকাশ হৈছে৷ বৰ্তমান মুঠ আগধনৰ পৰিমাণ হৈছে ৭১,৮৪৬ কোটি টকা৷ ঋণ বহীৰ মানদণ্ড প্ৰকাশ কৰি বেংকটোৰ মুঠ এন পি এ হৈছে ০.৫৮ শতাংশ৷ বেংকটোৰ স্থিৰতাৰ মানসূচক মূলধনৰ পৰ্যাপ্ততাৰ অনুপাত (চি এ আৰ ) হৈছে ২৭.০৪ শতাংশ৷ বিগত বৰ্ষৰ একেই সময়ছোৱাতকৈ ৫৪.৯৬ শতাংশ অধিক হৈ বেংকটোৰ মুঠ লাভৰ পৰিমাণ হৈছেগৈ ৩,০২৪ কোটি টকা৷ এই বিষয়ে প্ৰতিষ্ঠানটোৰ এম ডি তথা চি ই অ” চন্দ্ৰ শেখৰ ঘোষে জানিবলৈ দি কয়— “দুৰ্যোগকৱলিত অৰ্থনীতিৰ বাবে এই বছৰ বেংকিং উদ্যোগ নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও আমি শক্তিশালী স্থিতিত আছোঁ৷ গ্ৰাহকসকলৰ বিশ্বাস আৰু আত্মবিশ্বাসৰ বাবেহে এই বিকাশ সম্ভৱ হৈছে৷ তেওঁলোকক ধন্যবাদ৷ এই বিত্তীয় বৰ্ষৰ প্ৰথম দুটা সপ্তাহত ক’ভিড-১৯ মহামাৰীৰ বাবে আমাৰ ব্যৱসায়ে উল্লেখনীয় প্ৰভাৱ বিস্তাৰ কৰিব পৰি নাই৷ কৰ্মচাৰীসকলৰ যোগেদি সকলো উপভোক্তাক সেৱা প্ৰদান কৰি উন্নত তথা সমাজ-অৰ্থনীতিত অৰ্থৱহ প্ৰভাৱ বিস্তাৰ কৰিবলৈ বেংক কৰ্তৃপক্ষ দায়বদ্ধ৷”