ষ্টাফৰিপৰ্টাৰ:
৩১ জুলাইলৈ উমানন্দ দেৱালয়ৰ নৃত্য পূজা সেৱাৰ বাহিৰে সকলো ভক্ত,দর্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। এই সম্পৰ্কে শ্ৰী শ্ৰী উমানন্দ দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক অনিল কুমাৰ ভট্টাচাৰ্যই কয় “ৰাজ্য চৰকাৰৰ নিৰ্দেশনুসাৰে বৰ্তমান গুৱাহাটী মহানগৰ তথা সমগ্র অসমত ক’ৰনা ভাইৰাচৰ সংক্ৰমণৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত ১৪ দিনৰ বাবে লকডাউন কৰা আৰু সঘনে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাৰ বাবে সকলো ভক্তপ্ৰাণ দর্শনাৰ্থীক আগন্তুক ৩১ জুলাইলৈ উমানন্দ দেৱালয়ৰ নৃত্য পূজা সেৱাৰ বাহিৰে সকলো ভক্ত,দর্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব বুলি জনোৱা হ’ল।”