৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা…

46

গুৱাহাটী: গ্ৰন্থপ্ৰেমীৰ বাবে এক সুখবৰ। অহা ৩০ ডিচেম্বৰৰ পৰা চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হব ৩৩ সংখ্যক অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা।

কোৰোনা স্থিতিৰ বাবে গ্ৰন্থ মেলা আয়োজনক লৈ দোমোজাৰ সৃষ্টি হলেও অৱশেষত ৩০ ডিচেম্বৰৰ পৰা গ্ৰন্থমেলা অনুষ্ঠিত হব বুলি ঘোষণা কৰা হৈছে। ১০ জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰজুসূচীৰে আয়োজন কৰিবলগা গ্ৰন্থমেলাত এইবাৰ কোভিড প্ৰটকল মানি গ্ৰন্থপ্ৰেমী আৰু প্ৰকাশকে অংশ লব পাৰিব বুলি জনোৱা হৈছে।