ষ্টাফ ৰিপোৰ্টাৰ: ৩০ জুনৰ লৈকে বন্ধ থাকিব দিল্লীৰ সকলো শিক্ষানুষ্ঠান।
কিছুসময়ৰ পূৰ্বে দিল্লী শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশ।দিল্লীৰ সকলো চৰকাৰী-বেচৰকাৰী স্কুল ১১ মেৰ পৰা ৩০ জুনৰ লৈকে গ্ৰীষ্মকালীন বন্ধ হিচাপে ঘোষণা কৰিছে শিক্ষা বিভাগে। এই সময়খিনিত বিদ্যালয়ত কোনো ধৰণৰ শৈক্ষিক কাৰ্যসূচী নহয় বুলিও ঘোষণা কৰা হৈছে। কোভিড-১৯ক লৈ শেহতীয়া পৰিস্থিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।