২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈয়দক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড পাকিস্তান আদালতৰ…

53

ডিজিটেল ডেস্ক:- ২৬/১১ৰ মুম্বাই কাণ্ডৰ মাষ্টাৰ মাইণ্ড হাফিজ চৈয়দক অবৈধ ফাণ্ডিং কাণ্ডৰ অপৰাধত ১০ বছৰ সশ্ৰম কাৰদণ্ডৰ শাস্তি বিহিছে পাকিস্তানৰ এখন আদালতে। হাফিজ চৈয়দৰ লগতে জাফৰ ইকবল আৰু আব্দুল মুজাহিদ নামৰ আন দুজন সন্ত্ৰাসবাদিকো ১০ বছৰৰ কাৰদণ্ড বিহা হৈছে। আনহাতে আব্দুল ৰহমান মক্কিক ৬ মাহৰ সশ্ৰম কাৰদণ্ড বিহা হৈছে।

উল্লেখ্য যে মুম্বাইত ৬ সন্ত্ৰসবাদীয়ে ১৬৬ জন লোকক গুলিয়াই হত্যা কৰিছিল। এই আক্ৰমণত আহত হৈছিল বহু লোক। হাফিজ ছৈয়দে ২০০৮ চনতে এই আক্ৰমণৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছিল। এই ঘটনাৰ পিছতে হাফিজ ছৈয়দক গ্ৰেপ্তাৰৰ বাবে পাকিস্তানৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় হেঁচা প্ৰয়োগ কৰা হৈছিল।