২৫ ফেব্ৰুৱাৰীৰ পৰা নাহৰকটীয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক অধিৱেশন

201

ঋতু পৰ্ণ শৰ্মা, নগাঁও: উত্তৰ-পূব ভাৰতৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিবেশনখনি চলিত বৰ্ষৰ ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীৰ পৰিবৰ্তে ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অনুষ্ঠিত হ’ব ।

নাহৰকটীয়াৰ চাচনি, কলিয়াপানী আৰু ৰাঙলী পথাৰত অনুষ্ঠিতব্য অধিবেশনখনি “বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ” ৰূপে নামাকৰণ কৰা হৈছে। ৰবিবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও চহৰস্থিত মুখ্য কাৰ্যালয়ত পুৱাৰে পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে সভাত ক’ভিড প্ৰট’কল অনুসৰি সীমিত পৰিসৰৰে আৰু মিতব্যয়িতাৰে চলিত বৰ্ষৰ অধিবেশনখনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমক জনোৱা মতে ৯১সংখ্যক সংঘৰ অধিবেশনত প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা থাকিব যদিও বহিঃ বাণিজ্যৰ কোনো ব্যৱস্থা নাথাকিব ।

প্ৰধান সম্পাদক বৰাই লগতে কয় যে ১৫দিন পৰিস্থিতি পৰ্যবেক্ষণ কৰা হ’ব । যদি ক’ভিড জনিত পৰিস্থিতি উন্নত হয়, তেন্তে অধিবেশনৰ কাৰ্যসূচী সলনি হ’ব আৰু যদি পৰিস্থিতি প্ৰতিকুল থাকে তেন্তে জিলাসমূহলৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হ’ব ।

ৰবিবাৰৰ কাৰ্যনিৰ্বাহক সভাত বিগত বৰ্ষত হোজাইত অনুষ্ঠিত সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ৰূপালী জয়ন্তী উৎসৱৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন দাখিল কৰা হয় । সভাই বিতং আলোচনাৰ অন্তত হিচাপ গ্ৰহণ কৰে । ইপিনে ২ অক্টোবৰত নগাঁও জিলাৰ আতিথ্যত অনুষ্ঠিত কেন্দ্ৰীয় শান্তি দিৱসৰ হিচাপো মূল কাৰ্যনিৰ্বাহক সভাত গৃহীত কৰা হয় ।