২৪ জুলাইত মুক্তি পাব ‘দিল বেচাৰা’

90

ষ্টাফৰিপৰ্টাৰ, ২৪ জুলাইত মুক্তি পাব বলিউডৰ সুদর্শন অভিনেতা সুশান্ত সিং ৰাজপুত অভিনীত অন্তিমখন
‘দিল বেচাৰা’ (Dil BECHARA)। ডিজনী +হতষ্টাৰ যোগে চলচ্চিত্ৰ খন মুক্তি দিয়া হ’ব । তাক লৈ এতিয়া অনুৰাগী সকলৰ মাজত উৎকন্ঠা দেখা গৈছে। উল্লেখ্য ১৪ জুনত প্ৰতিভাৱান এই গৰাকী অভিনেতাই মুম্বাইৰ নিজৰ বাসগৃহত আত্মহত্যা কৰিছিল। তেওঁ কি কাৰণে আত্মহত্যা কৰিলে সেয়া আজিও ৰহস্যৰ আৱৰ্তত। তেওঁৰ আত্মহত্যাৰ ঘটনাৰ চি বি আই তদন্ত আজিও বিচাৰিছে ৩৪ বছৰীয়া সুদর্শন অভিনেতা গৰাকীৰ অনুৰাগী সকলে।