ষ্টাফৰিপৰ্টাৰ, ১৭ জুন : ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মহোৎসৱ অনুষ্ঠিত হ’ব। এইবাৰ প্ৰৱেশ কৰিব নোৱাৰিব তীৰ্থযাত্ৰী-সাধু সন্যাসীয়ে।
অম্বুবাচীৰ প্ৰবৃত্তিৰ সময় ৭ আহাৰ অৰ্থাৎ ২২ জুন সোমবাৰৰ পুৱা ৭ বাজি ৫৩ মিনিট ১৫ ছেকেণ্ড আৰু নিবৃত্তিৰ সময় ১০ আহাৰ অৰ্থাৎ ২৫ জুন বৃহস্পতিবাৰে নিশা ৮ বাজি ১৬ মিনিট ৫৫ ছেকেণ্ডত হ’ব।প্ৰতিবছৰৰ দৰে এইবছৰো কৰ’ণা মহামাৰীৰ বাবে বৰ্তমানৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে এই বছৰ কামাখ্যা ধামত কেৱল ধৰ্মীয় ৰীতি-নীতিহে পালন কৰা হ’ব। নামনি কামাখ্যাৰ পৰা দেৱালয়লৈ অহা সকলো পথেই বন্ধ ৰখা হ’ব।লগতে অম্বুবাচী মহোৎসৱৰ সময়ত কোনো সামাজিক সংগঠনকে কেম্প তৈয়াৰ কৰা, ভাণ্ডাৰা বা অন্যান্য সেৱা আগবঢ়াৱ নোৱাৰিব।
বিগত কেইবছৰমান ধৰি কিছু লোকে ভুৱা ৱেবছাইট, ফেচবুক পেজৰ জৰিয়তে সহজ-সৰল ভক্তক বিপথে পৰিচালিত কৰাৰ অভিযোগ কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ।
বুধবাৰে কামাখ্যা দেৱালয়ত অনুষ্ঠিত এখন সংবাদ মেল যোগে এই কথা সদৰী কৰে দেৱালয় কৰ্তৃপক্ষই।তদুপৰি এই বছৰ অম্বুবাচীৰ সময়ত কামাখ্যা দেৱালয় দৰ্শনৰ উদ্দেশ্যে কামাখ্যাত উপস্থিত নহ’বলৈ দেৱালয় কৰ্তৃপক্ষই বিনম্ৰ অনুৰোধ জনাইছে ভক্তপ্ৰাণ ৰাইজক।